Class 5 Assamese Question Answer Lesson 2
Class 5 Assamese Question Answer Lesson 2, অংকুৰণ class 5, অসমীয়া class 4, class 5 assamese medium question answer, assamese class 5, class 5 assamese book, class 5 assamese book question answer, class 5 assamese question answer chapter 1, class 5 assamese question answer chapter 2, class 5 assamese medium
পখী আৰু মানুহ

পাঠভিত্তিক ক্রিয়া কলাপ
Table of Contents
উত্তৰ দিয়া: অংকুৰণ class 5
১। (ক) সর্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰ: সর্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল। চৰাইৰ মঙহ ৰ অবিহনে তেওঁ ভাতেই নাখাইছিল।
(খ) সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?
উত্তৰ: সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল – চৰাইৰ মঙহ।
(গ) সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?
উত্তৰ: সাধুটোত চৰাই- চিৰিকটিক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে।
(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰ: মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম হৈছে মাধৱী।
(ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ ববে কি কৰিবলৈ উপদেশ দিছিল?
উত্তৰ: মধুকৰে ৰজাক চৰাই-চিৰিকটি চিকাৰ কৰিবলৈ এৰিবলৈ উপদেশ দিছিল।
২। কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।
(ক) ‘আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ ববে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। ‘
উত্তৰ: উক্ত কথাষাৰ মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক তিৰস্কাৰ কৰি এই কথাষাৰ কৈছিল।
কিয়নো, সৰ্বধনু এজন চিকাৰ প্ৰিয় ৰজা আছিল আৰু চৰাই মঙহ নোহোৱাকৈ তেওঁ ভাতেই নাখাইছিল। তেওঁ সদায় কপৌ, শালিকা, বগলী আদি চৰাইবোৰ চিকাৰ কৰিছিল। যিহেতু পখীকুল মানুহৰ ববে অতি উপকাৰী গতিকে ৰজাৰ এই স্বভাৱ ৰ কথা সহ্য কৰিব নোৱাৰি প্ৰজাৰ মংগলৰ কথা চিন্তা কৰি মধুকৰে উক্ত কথাষাৰ কৈছিল।
(খ) ‘ এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন – পালন কৰিব l ‘
উত্তৰ: উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক চৰাই এজাক উপহাৰ দি কৈছিল।
কিয়নো, চিকাৰপ্ৰিয় ৰজা সৰ্বধেনুৰ ৰাজ্যত এটা সময়ত সকলো চৰাই নাইকিয়া হোৱাত যেতিয়া দেশত দুৰ্ভিক্ষই দেখা দিছিল ৰজাই ভিক্ষা খুজি খুজি ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল আৰু ৰজা মধুকৰে তেওঁক চিনি পাই নিজৰ ৰাজপ্ৰহাদলৈ নি আদৰ সাদৰ কৰি ভৱিষ্যতে আৰু চৰাই বধ নকৰি হিহঁতক পোহ পালন কৰি সযত্নেৰে ৰাখিবলৈ উপদেশ দি সজা এটাত চৰাই এজাক উপহাৰ দি উক্ত কথাষাৰ কৈছিল।
৩। কাৰণ দৰ্শাই লিখা: Class 5 Assamese Question Answer
(ক) সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ’ল?
উত্তৰ: চিকাৰপ্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত চিকাৰ কৰোঁতে কৰোঁতে এটা সময়ত চৰাইবোৰ নাইকিয়া হ’লত কীট – পতংগৰ সংখ্যা বাঢ়িলে আৰু গছৰ পাত, লতা আদি খাই, শুকাই নস্ত হ’ল আৰু তাৰ ফলত ৰাজ্যত বৰষুণ নোহোৱা হ’ল।
(খ) কীট – পতংগ ৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে?
উত্তৰ: সৰ্বধনুৰ ৰাজ্যত কীট – পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই কীট-পতংগই গছ – গছনি, শৈষ্য আদিৰ পাত,লতা খাই নষ্ট কৰে আৰু তাৰ ফলত বৰষুনো নোহোৱা হয়। দেশত দুৰ্ভিক্ষাই দেখা দিয়ে আৰু ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত ভিক্ষা কৰিব লগত পৰে।
(গ) মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল?
উত্তৰ: মধুকৰে এজন সাধাৰণ লৰা হৈ থকা অৱস্থাতে ৰজা সৰ্বধনুক চৰাই বধ নকৰিবলৈ উপদেশ দি সহায় কৰিব চেষ্টা কৰিছিল কিন্তু ৰজা সৰ্বধনুৱে তেওঁৰ কথা উপলুঙা কৰাত শেষত দেশত দুৰ্ভিক্ষাই দেখা দিয়াত ভিক্ষাৰী অৱস্থা হয়। তেনে অৱস্থাত ৰজা মধুকৰে তেওঁক পাই আদৰ সাদৰ কৰি এজাক চৰাই উপহাৰ দি দেশ খনক আকৌ আগৰ অৱস্থালৈ ঘূৰাই পাবলৈ দি সহায় কৰিছিল।
(৪) ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজায় লিখা।
উত্তৰ: দেশত দুৰ্ভিক্ষাই দেখা দিয়াত ৰজা প্ৰজা সকলোৱে ভিক্ষা কৰিব লগা হৈছিল আৰু ভিক্ষা কৰি কৰি গৈ থাকোতে ৰজা সৰ্বধনুৱে ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল।
তাৰ পাছত তেওঁক ৰজা মধুকৰে দেখি চিনি পায় আৰু নিজৰ ৰাজ কাৰেঙলৈ লৈ গৈ আদৰ সাদৰ কৰি নিজৰ পৰিচয় দিয়ে আৰু ভৱিষ্যতে কেতিয়াও চৰাই বধ নকৰিবলৈ উপদেশ দি এটা সজাত এজাক চৰাই উপহাৰ হিচাপে দিয়ে। ৰজা সৰ্বধনুৱেও তেঁওৰ কথা মতে চৰাইজাক নিজৰ ৰাজ্যলৈ লৈ গৈ মুকলি আকাশত মেলি দিয়ে।
৫। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।
(ক) সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।
উত্তৰ: সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল।
(খ) ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱক জনক খং কৰা নাছিল।
উত্তৰ: ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱক জনক খং কৰিছিল।
(গ) কীট – পতংগবোৰে খেতি – বাতি ৰক্ষা কৰে।
উত্তৰ: কীট – পতংগবোৰে খেতি – বাতি নষ্ট কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে।
উত্তৰ: ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে।





