- Advertisement -
অসমীয়া সাঁথৰ আৰু উত্তৰ
- মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই — ৰেডিঅ’ ৷
- কাণত ধৰি নাকত বহে — চশমা ৷
- মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা — জলকীয়া গছ (মাক) আৰু জলকীয়া পুতেক ৷
- উপি উপি বাটত আছে চুপি — জোক ৷
- ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি — ধঁপাত খোৱা হোকা-চিলিম ৷
- গছৰ ওপৰত গুটি – গুটিৰ ওপৰত গছ — মাটিকঠাঁল ৷
- ৰজাৰ ঘৰৰ কাকবাহঁ , তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে , কোনে কিমান লেখিব পাৰে — আকাশৰ তৰাবোৰ ৷
- পৰ্বতৰ টিঙত ক’লী গাই চৰে; দুই পৰ্বতে হেঁচা মাৰি ধৰে — দুই নখেৰে মৰে ওকনী ৷
- দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ , এখনেহে পাত — জিভা ৷
- এডাল ইকৰা ঘন ঘন গাঁঠি; সাগৰতে পেলালে ময়ূৰ যেন পাখি — জাল ৷
- এডাল খেৰে ঘৰটো বেঢ়ে — চাকি (বান্তি) ৷
টুপ টুপ টাপলি
— জাল
পানী পালে মুকলি
মামাহঁতৰ বাৰীত গ’লোঁ
— চেপা
সোমাব পাৰিলোঁ
ওলাব নোৱাৰিলোঁ
ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ,
— আমৰলি পৰুৱা
পিছফালে দেখি আহিছোঁ
বাঁহৰ তলত ঘৰ
আহোঁতে খুলিহে তৃপ্তি পায়
— তলা ছাবি
যাওতে মাৰি বাৰে বাৰে চায় ?
এনু এনু এনু,
— কণী
ধৰিবলৈ নাই ঠেনু ?
জন্ম অৱতাৰে মূৰত টুপী,
— বাঁহগছ
কৃষ্ণ অৱতাৰে ভুলাই গোপী,
ৰাম অৱতাৰে ৰাৱণ বধে ,
সেই তৰকাৰি ঘৰে ঘৰে
আই ঐ দেহী জহৰ মহৰ
— জোনাকী পৰুৱা
কি পোকৰ টিকাত পোহৰ ?
ওপৰত ছাটি
— কচু
তলত গুটি।
তাক খাই আহিন কাতি ।
যিয়ে দিয়ে তাকে খায়।
— জুই
পানী দিলে মৰি যায়।
কাণত ধৰি
— চশমা ( বিতচকু )
নাকত বহে ?
কাৰাক-কুৰুক কৰে,
— দমকল
হেণ্ডচেক কৰিলে বমি কৰে ।
হাতীৰ দাঁত,
— বেঙেনা গছৰ পাত আৰু ফল
কদমৰ পাত
ক’ব নোৱাৰিলে জানিম গোলামৰ জাত ।
চিত পখিলা চিত পখিলা
— হালোৱা, আৰু দুটা গৰু
তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা





