Class 5 Environment Assamese Medium
All Assamese Question Answer for Class 5
Lesson 3: অসমৰ সংস্কৃতি
Table of Contents
উত্তৰ দিয়া :
(ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।
উত্তৰঃ অসমত বাস কৰা জনজাতিসকলৰ ভিতৰত বড়ো, কছাৰী, দেউৰী, তিৱা, গাৰো, ডিমাছা, মিছিং, আদিবাসী আৰু ৰাভা আদি উল্লেখযোগ্য।
(খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।
উত্তৰঃ অসমীয়া সমাজত প্ৰচলিত কিছুমান আ-অলংকাৰৰ ভিতৰত কেক, জোনবিৰি, ঢোলবিবি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপাতা, আঙঠি, থুৰীয়া, ডুগডুগী, নাকফুল আদি উল্লেখযোগ্য।
(গ) তিনিটা নৃত্যৰ নাম লিখা।
উত্তৰঃ দেউৰী নৃত্য, খেৰাই নৃত্য, দেওধানী নৃত্য।
(ঘ) প্রাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা।
উত্তৰঃ প্রাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠী হ’ল অষ্ট্রিক, ককেছিয় আৰু টাই মংগোলীয় গোষ্ঠী।
(ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।
উত্তৰঃ চাউলৰ পৰা তৈয়াৰ কৰা খাদ্যবোৰ হ’ল চিৰা, মুৰি, আখৈ, তিলপিঠা ইত্যাদি।
‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
| ‘ক’ অংশ | ‘খ’ অংশ |
| বড়ো | দখনা |
| ডিমাছা | ৰিও বিজাম্বাই |
| কাৰ্বি | পিনিকামফ্লাক |
| অসমীয়া | মেখেলা |
খালী ঠাই পূৰ কৰা :
(ক) খেৰাই পূজা বড়ো সকলে পালন কৰে।
(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ ৰংকাৰ আৰু হেচ্ছা।
(গ) মিচিংসকলে আলি-আই-লিগাং পালন কৰে।
(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনীগাব্ৰা আৰু হানিগাব্ৰা
অসমীয়া সংস্কৃতি বুলিলে কি বুজা ?
উত্তৰঃ অসমখন বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি-সংস্কৃতি আছে। এই সকলোবোৰ সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে, অসমীয়া সংস্কৃতি বুলিলে অসমত থকা সকলো জাতি, উপজাতি বা জনগোষ্ঠীৰ এক উমৈহতীয়া সংস্কৃতি। অসমত বাস কৰা ‘সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য, সংগীত-নৃত্য, আচাৰ-ব্যৱহাৰ, সাজ-পাৰ, আ অলংকাৰ, বিবাহ পদ্ধতিৰ লগতে ধর্মীয় ধ্যান-ধাৰণাৰ পৰম্পৰাগত সমন্বয় গঠিত হৈ আচলতে অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।
অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষগৰাকীৰ নাম কি ? মহাপুৰুষগৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি ?
উত্তৰঃ অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকী হ’ল শ্ৰীমন্ত শংকৰদেৱ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এফালে যিদৰে গীত-পদ, ভাওনা আদিৰ সৃষ্টি কৰিলে আনফালে তেওঁ নিজ উদ্ভাৱনাৰে খোল-তাল আদিৰো সৃষ্টি কৰি অসমীয়া সংস্কৃতিক এটা স্বকীয় ৰূপত প্রতিষ্ঠিত কৰিলে। মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰসমূহ অসমীয়া কৃষ্টিৰ বৰখুঁটা স্বৰূপ। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্য অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান। প্রকৃততে শ্ৰীমন্ত শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিবই নোৱাৰি। মহাপুৰুষ জনাই অসমীয়া জাতি গঠন প্রক্রিয়া অধিক সংহত আৰু গতিশীল কৰে।
চমুটোকা লিখা: Class 5 Environment Assamese Medium
(ক) উৎসৱ পার্বণ : উৎসৱ-পার্বণ মানুহৰ মনোৰঞ্জনৰ অন্যতম উপায়। প্রত্যেক জাতিৰে নিজস্ব উৎসৱ-পার্বণ থাকে। সেইদৰে বিহু অসমীয়াৰ জাতীয় উৎসৱ। সেইবাবে জাতি-ধর্ম নির্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। অৱশ্যে অসমত থকা জনজাতিসমূহৰ কিছুমান নিজস্ব পৃথক ৰীতি-নীতি থাকে আৰু বিহুকেইটা সামান্য পৃথকভাৱে পালন করে। যেনে বড়োসকলে বৈশাণ্ড আৰু খেৰাই পূজা পালন কৰে। কাৰ্বিসকলে ৰংকাৰ আৰু হেচ্ছা, মিচিংসকলে আলি-আই-লিগাং পালন কৰে। ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনীগাৱা আৰু হানিগাৱা। আনহাতে ৰাভাসকলে বাইখো, দেউৰীসকলে বৈশাগী আদি উৎসৱ পালন কৰে। এই সকলোবোৰ উৎসৱ কৃষিভিত্তিক। ইয়াৰ উপৰি অসমত কিছুমান ধর্মীয় আৰু সামাজিক উৎসব পালন কৰা হয়।
(খ) বাদ্যযন্ত্র : বাদ্যযন্ত্র সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত বিভিন্ন গীত-মাত, নৃত্যৰ লগত বিভিন্ন বাদ্যযন্ত্ৰ পৰিৱেশন কৰা হয়। যেনে— অসমত জিকিৰ, মহখেদা গীত, নাওখেলৰ গীত, বিহুগীত, লোকগীত, হুঁচৰি, দেউৰী নৃত্য, বিছনৃত্য, ঝুমুইৰ নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদিৰ প্ৰচলন আছে। এই নৃত্য গীতসমূহৰ লগত সাধাৰণতে ঢোল, পেপাঁ, গগণা, শিঙা, বীণ, টোকাৰী আদি বাদ্যযন্ত্র ব্যৱহাৰ কৰা হয়। অসমৰ পুৰণি গীত-নৃত্য ওজাপালি অনুষ্ঠানতো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰা হয়।
(গ) নৃত্যগীত : অসমীয়া সংস্কৃতিৰ বিভিন্ন নৃত্য গীতৰ প্ৰচলন আছে। অসমত সর্বাধিক প্রচলিত নৃত্য-গীতসমূহৰ ভিতৰত জিকিৰ, মহখেদা গীত, নাওখেলৰ গীত, বিহুগীত, হুঁচৰি, দেউৰী নৃত্য, ঝুমুইৰ নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদি উল্লেখযোগ্য। অসমীয়া সংস্কৃতিৰ আন দুবিধ নৃত্য হ’ল— পুতলা নাচ আৰু ওজাপালি। পুতলা নাচৰ সহায়ত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী ৰূপায়ণ কৰা হয়। ওজাপালি অসমৰ পুৰণিকলীয়া গীত-নৃত্যৰ অনুষ্ঠান।
(ঘ) ৰীতি-নীতি : প্রাচীন কালৰে পৰা অসমীয়া সমাজত কিছুমান ৰীতি-নীতিৰ প্ৰচলন হৈ আহিছে। কিছুমান কাম-কাজ বা নীতি-নিয়ম বহুদিনৰ পৰাই ধাৰাবাহিকভাৱে চলি আহিছে। এই ৰীতি-নীতিবোৰে সমাজখন শৃংখলারদ্ধভাৱে চলিবলৈ সহায় কৰে। যেনে— ঘৰলৈ আলহী আহিলে তামোল-পাণ আৰু চাহ জলপান আগবঢ়োৱা, পৰিয়ালৰ জ্যেষ্ঠজনক সম্মান কৰা, কাতি বিহুৰ দিনা তুলসীৰ তলত আৰু খেতি পথাৰত চাকি জ্বলোৱা, ব’হাগ বিহুত গৰুক গা-ধুৱাই নতুন পদ্মা বা দৰখ দিয়া, বিহুৱান দিয়া ইত্যাদি।
অসমৰ স্থানীয় ভাষা কি ?
অসমৰ স্থানীয় ভাষা অসমীয়া।
দুখন অসমীয়া গল্পপুথিৰ নাম লিখা।
যোগেশ দাসৰ ‘পৃথিৱীৰ অসুখ’ আৰু ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘প্ৰহৰী’।
অসমৰ জাতীয় উৎসৱটোৰ নাম কি ?
বিহু অসমৰ জাতীয় উৎসৱ।
‘সূতলী’ কি ?
সূতলী এবিধ বাদ্যযন্ত্র।





